June 27, 2026 10:16 PM | CP Radhakrishnan

printer

প্রখ্যাত চলচ্চিত্র নির্মাতা, অভিনেতা আৰু চিত্ৰনাট্যকাৰ থিৰু কে ভাগ্যৰাজৰ মৃত্যুত উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণৰ শোক প্ৰকাশ

উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণে প্রখ্যাত চলচ্চিত্র নির্মাতা, অভিনেতা আৰু চিত্ৰনাট্যকাৰ থিৰু কে ভাগ্যৰাজৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত তেওঁ কয় যে থিৰু কে ভাগ্যৰাজে তেওঁৰ স্মৰণীয় চলচ্চিত্র, স্বকীয় কাহিনী আৰু অসাধাৰণ চিত্ৰনাট্যৰ জৰিয়তে ভাৰতীয় চলচ্চিত্র জগতলৈ অনন্য অৱদান আগবঢ়াইছে। 

তেওঁ লগতে কয়, যে ভাগ্যৰাজৰ উদ্ভাৱনীমূলক চিত্ৰনাট্য শৈলী আৰু জটিল কাহিনীসমূহ সহজ অথচ আকর্ষণীয়ভাৱে উপস্থাপন কৰাৰ ক্ষমতাই তেওঁক ভাৰতৰ অন্যতম শ্রেষ্ঠ চিত্ৰনাট্যকাৰ হিচাপে স্বীকৃতি দিছে। 

উপৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে ভাগ্যৰাজৰ মৃত্যু ভাৰতীয় চলচ্চিত্ৰ জগতৰ বাবে অপূৰণীয় ক্ষতি যদিও তেওঁ চলচ্চিত্ৰ জগতলৈ আগবঢ়োৱা অৱদান আৰু ঐতিহ্যই আগন্তুক প্ৰজন্মৰ শিল্পী আৰু চলচ্চিত্রপ্রেমীসকলক সদায় অনুপ্রাণিত কৰিব ।