চৰকাৰে কৈছে যে দেশৰ কোনো মুখ্য বন্দৰ ব্যক্তিগতকৰণ কৰা হোৱা নাই আৰু ভূমি তথা জলপৃষ্ঠৰ মালিকীস্বত্ত চৰকাৰৰ হাতত আছে। বন্দৰ পৰিচালনা আৰু জাহাজ পৰিচালনাক লৈ ৰাজ্যসভাত এটা লিখিত উত্তৰত বন্দৰ, জাহাজ পৰিবহন আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে প্রকল্প আৰু টার্মিনেলৰ বাবে ৰাজহুৱা ব্যক্তিগত অংশিদাৰিত্ব ভিত্তিত মুখ্য বন্দৰসমূহত ব্যক্তিগত খণ্ডৰ অংশগ্ৰহণৰ অনুমতি দিয়া হৈছে। শ্ৰীসোণোৱালে লগতে জনাই যে, ১২ টা মুখ্য বন্দৰ কেন্দ্ৰীয় চৰকাৰৰ অধীনত আছে আৰু ২১৭ টা সাধাৰণ বন্দৰ ৰাজ্যিক সামুদ্রিক বোর্ডৰ অধীনত আছে।
Assamese | August 6, 2024 8:25 PM | Sarbananda Sonowal
প্রকল্প আৰু টার্মিনেলৰ বাবে ৰাজহুৱা ব্যক্তিগত অংশিদাৰিত্ব ভিত্তিত মুখ্য বন্দৰসমূহত ব্যক্তিগত খণ্ডৰ অংশগ্ৰহণৰ অনুমতি দিয়া হৈছেঃ সৰ্বানন্দ সোণোৱাল