পোলেণ্ডৰ ক্ৰাক’ভ চহৰৰ ব্যস্ত বজাৰ এলেকাত এজন বন্দুকধাৰীৰ গুলীচালনাত ৬ জন লোক নিহত

পোলেণ্ডৰ ক্ৰাক’ভ চহৰৰ এটা ব্যস্ত বজাৰ এলেকাত এজন বন্দুকধাৰীৰ গুলীচালনাত ৬ জন লোক নিহত হোৱাৰ লগতে ১৫ জন আহত হয়। ক্রাক’ভ আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি, আক্রমণকাৰীজন পোলেণ্ডৰ নাগৰিক আৰু চহৰখনৰ মূল পৰ্যটন কেন্দ্ৰ ‘মেইন স্কোৱেৰ’ত বাহনেৰে প্ৰৱেশ কৰি সাধাৰণ লোকক লক্ষ্য কৰি নিৰ্বিচাৰ গুলীচালনা কৰে। আহতসকলৰ ভিতৰত আৰক্ষী বিষয়াও আছে।

ঘটনাস্থলীৰ পৰা কিছু দূৰত আৰক্ষীৰ সৈতে হোৱা গুলীয়াগুলীত আক্রমণকাৰীজনো গুলিবিদ্ধ হৈ আহত হয়। আৰক্ষীয়ে লোকজনৰ বাহনৰ পৰা বহু পৰিমাণৰ অস্ত্র-শস্ত্ৰ আৰু গুলী-বাৰুদ জব্দ কৰিছে। ঘটনাটোত অকল এজন ব্যক্তিয়েই জড়িত আছিল আৰু বৰ্তমান সৰ্বসাধাৰণ সুৰক্ষিত বুলিও আৰক্ষীয়ে নিশ্চিত কৰিছে।