পোলেণ্ডৰ ৱাৰ্ছত অনুষ্ঠিত ২০২৪ চনৰ গ্ৰীষ্মকালীন এথলেটিক্স প্রতিযোগিতাৰ মহিলাৰ ২০০ মিটাৰ দৌৰত কালি কিৰণ পাহালে সোণৰ পদক অৰ্জন কৰিছে। ২৩ বছৰীয়া দৌৰবিদগৰাকীয়ে ২৩.৩৩ ছেকেণ্ডত দৌৰ সমাপ্ত কৰি প্ৰথম স্থান দখল কৰি এইবাৰ ভাৰতীয় খেলুৱৈ হিচাপে সর্বোচ্চ প্ৰদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈছে। একেটা প্রতিযোগিতাতে অলিম্পিকত মহিলাৰ ১০০ মিটাৰ হাৰ্ডলছত অংশগ্ৰহণ কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা হিচাপে পৰিগণিত হোৱা জ্যোতি ইয়াৰাজীয়ে ২৩. ৫৩ ছেকেণ্ডত দ্বিতীয় স্থান দখল কৰে। ইফালে পুৰুষৰ ৪০০ মিটাৰ দৌৰত ৰাজেশ ৰমেশে প্রথম স্থান দখল কৰি সোণৰ পদক অৰ্জন কৰাৰ বিপৰীতে মহিলাৰ ৪০০ মিটাৰ দৌৰত জ্যোতিকা দণ্ডীয়ে সোণৰ পদক অৰ্জন কৰিবলৈ সক্ষম হয়।
Assamese | July 21, 2024 12:35 PM | Kiran Pahal
পোলেণ্ডত অনুষ্ঠিত ২০২৪ চনৰ গ্ৰীষ্মকালীন এথলেটিক্স প্রতিযোগিতাৰ মহিলাৰ ২০০ মিটাৰ দৌৰত কিৰণ পাহালৰ সোণৰ পদক অৰ্জন