পেৰিছ পেৰালিম্পিকৰ আজি নিশা সামৰণি পৰিব। ভাৰতে এইবাৰৰ সংস্কৰণত ৭ টা সোণ, ৯ টা ৰূপ আৰু ১৩ টা ব্ৰঞ্জসহ মুঠ ২৯ টা পদকেৰে ষষ্ঠদশ স্থান লাভ কৰিছে। পেৰা অলিম্পিকৰ ইতিহাসত এয়া ভাৰতৰ সর্বশ্রেষ্ঠ প্ৰদৰ্শন। আৰ্ছাৰিত সোণৰ পদক অৰ্জন কৰা হৰবিন্দৰ সিং আৰু দৌৰবিদ প্রীতি পালে সামৰণি অনুষ্ঠানত দেশৰ পতাকা বহন কৰিব। উল্লেখযোগ্য যে কালি দশম দিনা ভাৰতৰ হৈ নদীপ সিঙে পুৰুষৰ জেভলিন থ্ৰ’ৰ এফ- 41 শিতানত সোণৰ পদক অৰ্জন কৰে। এই শিতানত অনুচিত আচৰণৰ বাবে ইৰাণৰ খেলুৱৈগৰাকীক অযোগ্য ঘোষণা কৰাৰ পাছত নদীপে প্রথম স্থান লাভ কৰে। আনহাতে দৌৰবিদ চিমৰনে মহিলাৰ ২০০ মিটাৰ ট্ৰেক শিতানত ব্ৰঞ্জৰ পদক লাভ কৰে।
Assamese | September 8, 2024 9:12 PM | Paris Peralympics
পেৰিছ পেৰালিম্পিকৰ আজি নিশা সামৰণি