পেৰিছ পেৰালিম্পিকত ভাৰতৰ শ্বটপুট থ্ৰ’ৱাৰ শচীন খিলাৰীয়ে পুৰুষৰ শ্বটপুট এফ -46 ফাইনেলত ১৬ দশমিক ৩-২ মিটাৰ থ্ৰ’ৰে ৰূপৰ পদক লাভ কৰে। শুটিঙত ৰুদ্ৰাংশ খান্দেলৱাল আৰু নিহাল সিং মিক্সড ৫০ মিটাৰ পিষ্টল SH-11 ইভেণ্টত ব্যর্থ হয়। নিহালে ১৯নম্বৰ স্থান দখল কৰাৰ বিপৰীতে ৰুদ্ৰাংশে ২২ নম্বৰ স্থান দখল কৰে। পেৰা টেবল টেনিছত W S4 শাখাৰ কোৱাৰ্টাৰ ফাইনেলত ভাৰতৰ ভাৱিনা পাৰ্টিল, চীনৰ ঝৌ য়িঙৰ হাতত ১৪–১২, ১১-৯, ৮-১১, ১১-৬ ব্যৱধানত পৰাজিত হয়। পাৱাৰ লিফটিঙত পৰমজিৎ পুৰুষৰ ৪৯ কিলোগ্রাম ওজন শাখাত অষ্টম স্থানত থমকি ৰয়। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মু আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পেৰালিম্পিকত পুৰুষৰ শ্বটপুট শিতানত ৰূপৰ পদক লাভ কৰাৰ বাবে শচীন খিলাৰীক অভিনন্দন জনাইছে। ৰাষ্ট্ৰপতি মুৰ্মুৱে সামাজিক মাধ্যমযোগে দিয়া এটা শুভেচ্ছা বার্তাত কয় যে, শচীন খিলাৰীয়ে অশেষ জটিলতাক নেওচি বিশ্বমানৰ প্ৰদৰ্শন আগবঢ়াইছে। ৰাষ্ট্ৰপতিয়ে লগতে খেলুৱৈগৰাকীৰ উজ্বল ভৱিষ্যত কামনা কৰে। আনহাতে, প্রধানমন্ত্রীয়ে সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত কয় যে, খেলুৱৈগৰাকীৰ সাফল্য অসাধাৰণ সামৰ্থ আৰু দৃঢ়তা প্ৰদৰ্শনৰূপে পৰিগণিত হৈছে আৰু তেওঁক লৈ সমগ্ৰ ৰাষ্ট্ৰ গৌৰৱান্বিত।
Assamese | September 4, 2024 7:50 PM | Paris Peralympics
পেৰিছ পেৰালিম্পিকত ভাৰতৰ শ্বটপুট থ্ৰ’ৱাৰ শচীন খিলাৰীৰ ৰূপৰ পদক অৰ্জন