পেৰিছ অলিম্পিকৰ আজি পঞ্চম দিনা ভাৰতীয় বক্সাৰ, আৰ্চাৰ, শ্বুটাৰ আৰু শ্বাটলাৰসকলে নিজ নিজ শাখাৰ খেলত অৱতীৰ্ণ হ’ব। টকিঅ’ অলিম্পিকত ব্ৰঞ্জৰ পদক বিজেতা বক্সাৰ লাভলীনা বৰগোঁহাইয়ে নৰৱেৰ সুন্নিভা হফষ্টাডৰ বিৰুদ্ধে হ’বলগীয়া খেলেৰে এইবাৰৰ অলিম্পিকত নিজৰ অভিযান আৰম্ভ কৰিব। শ্বুটিঙত ঐশ্বৰী প্ৰতাপ সিং টোমৰে পুৰুষৰ ৫০ মিটাৰ ৰাইফলৰ থ্ৰী পজিচন শিতানৰ যোগ্যতা নিৰূপণ পৰ্যায়ৰ যুঁজত অৱতীৰ্ণ হ’ব। একেদৰে মহিলাৰ টেপ শুটিঙৰ যোগ্যতা নিৰূপণ পৰ্যায়ৰ প্ৰথম দিনা ৬৮ পইণ্টকৈ লাভ কৰা শ্রেয়াশী সিং আৰু ৰাজেশ্বৰী কুমাৰীয়ে আজি যোগ্যতা নিৰূপণ পৰ্যায়ৰ দ্বিতীয় ৰাউণ্ডত অৱতীৰ্ণ হ’ব। আনহাতে, অনুজ আগৰৱালে অশ্বচালনা প্ৰশিক্ষণৰ ব্যক্তিগত শিতানত ভাগ ল’ব । বেডমিণ্টনত পুৰুষৰ ছিংগলছত লক্ষ্য সেন ইণ্ডোনেছিয়াৰ জনাতন কৃষ্টিৰ সন্মুখীন হোৱাৰ বিপৰীতে এইছ এছ প্রণয় ভিয়েটনামৰ ড্যুক ফেট লেৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব। আনহাতে, মহিলাৰ ছিংগলছত পি ভি সিন্ধুৱে ইষ্টোনিয়াৰ কৃষ্টিন কিউবাৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব। শ্ৰীজা অকুলাই টেবুল টেনিছৰ এখন খেলত ছিংগাপুৰৰ চিয়ান জেঙৰ সন্মুখীন হ’ব। আৰ্চাৰীত তৰুণদীপ ৰায় আৰু দীপিকা কুমাৰীয়ে ক্ৰমে পুৰুষ আৰু মহিলাৰ এলিমিনেশ্যন ৰাউণ্ডত দেশক প্রতিনিধিত্ব কৰিব। ভাৰতে এইবাৰৰ অলিম্পিকত বৰ্তমানলৈকে দুটা পদক লাভ কৰিছে।
Assamese | July 31, 2024 10:28 AM | Paris Olympic
পেৰিছ অলিম্পিকৰ পঞ্চম দিনা ভাৰতীয় বক্সাৰ, আৰ্চাৰ, শ্বুটাৰ, শ্বাটলাৰৰ খেল