পেৰিছ অলিম্পিকত ভাৰতৰ আনুষ্ঠানিক অভিযান মুঠ ৬টা পদকেৰে অন্ত পৰিছে। প্ৰতিযোগিতাৰ সামৰণিৰ পূৰ্বৰ দিনটোত কালি ভাৰতীয় মহিলা মল্লযোদ্ধা ৰিতিকা হুদা ৭৬ কিলোগ্রাম ওজন শাখাত কোৱাৰ্টাৰ ফাইনেলত পৰাজিত হৈ প্ৰতিযোগিতাৰ পৰা বাহিৰ হয়। একেদৰে গল্ফত অদিতী অশোক আৰু দীক্ষা ডাগৰ পদকৰ দৌৰৰ পৰা বাহিৰ হৈছে । যোৱা ২৬ জুলাইত আৰম্ভ হোৱা পেৰিছ অলিম্পিকৰ সামৰণি অনুষ্ঠান ভাৰতীয় সময় অনুসৰি আজি নিশা চাৰে ১২ বজাত আৰম্ভ হ’ব। সামৰণি অনুষ্ঠানৰ বাবে ভাৰতীয় পতাকা বাহকৰ নাম ইতিমধ্যে ঘোষণা কৰা হৈছে। সেই অনুসৰি দুবাৰৰ অলিম্পিকৰ পদক বিজয়ী হকী তাৰকা পি আৰ শ্ৰীজেছ আৰু শ্বুটাৰ মনু ভাকেৰে ৰাষ্ট্ৰীয় পতাকা কঢ়িয়াই লৈ যাব।
Assamese | August 11, 2024 12:42 PM | Paris Olympic 2024
পেৰিছ অলিম্পিকত ভাৰতৰ মুঠ ৬টা পদকেৰে আনুষ্ঠানিক অভিযানৰ অন্ত