ভাৰতৰ মনু ভাকেৰে মহিলাৰ দহ মিটাৰ এয়াৰ পিষ্টল শাখাত ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সমৰ্থ হৈছে। পেৰিছ অলিম্পিকত এইটো ভাৰতৰ প্ৰথম পদক। দহ মিটাৰ এয়াৰ পিষ্টলৰ ফাইনেল ইভেণ্টত ২২১ পইণ্ট লাভ কৰি ব্ৰঞ্জৰ পদক লাভ কৰা মনু ভাকেৰ অলিম্পিকত পদক লাভ কৰা প্ৰথম ভাৰতীয় মহিলা শ্বুটাৰ। আনহাতে, পুৰুষৰ ১০ মিটাৰ এয়াৰ ৰাইফল শাখাত অর্জুন বাবুতাই ফাইনেলত নিজৰ স্থান সুনিশ্চিত কৰিছে। ইফালে মহিলাৰ একক ইভেণ্টত ছুইডেনৰ ক্ৰিষ্টিনা কলবাৰ্গৰ বিৰুদ্ধে ভাৰতীয় পেডেলাৰ শ্ৰীজা আকুলাই ৬৪ ৰাউণ্ডত জয়লাভ কৰি পৰৱৰ্তী ৰাউণ্ডলৈ অগ্ৰগতি লাভ কৰে।
Assamese | July 28, 2024 7:19 PM | Manu Bhaker | Peris Olympic
পেৰিছ অলিম্পিকত ভাৰতৰ মনু ভাকেৰৰ মহিলাৰ দহ মিটাৰ এয়াৰ পিষ্টল শাখাত ব্ৰঞ্জৰ পদক লাভ