প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰত আৰু ফ্ৰান্সৰ মাজত অর্থনৈতিক আৰু ঔদ্যোগিক সহযোগিতা বৃদ্ধিৰ প্ৰচেষ্টাৰ অংশ হিচাপে আজি পেৰিছত ফ্ৰান্সৰ আগশাৰীৰ ব্যৱসায়ীসকলৰ সৈতে উচ্চ পৰ্যায়ৰ এলানি বৈঠকত মিলিত হ’ব। প্ৰধানমন্ত্ৰী আৰু ছেইণ্ট গোবনৰ অধ্যক্ষ তথা মুখ্য কার্যবাহী বিষয়া বেনইট বাজিনৰ মাজত হ’বলগীয়া আলোচনাৰে এই বৈঠকৰ প্ৰক্ৰিয়া আৰম্ভ হ’ব।
এই আলোচনাত সেউজ উৎপাদন আৰু বহনক্ষম আন্তঃগাঁথনিত বিশেষ গুৰুত্ব আৰোপ কৰা হ’ব। ইয়াৰ পাছতে প্ৰধানমন্ত্ৰীয়ে অলষ্টমৰ মুখ্য কাৰ্যবাহী বিষয়াৰ সৈতে হ’বলগীয়া বৈঠকত আহ-যাহৰ অত্যাধুনিক মাধ্যম আৰু ৰে’লৰ আধুনিকীকৰণক লৈ মত বিনিময় কৰিব। প্রধানমন্ত্ৰীয়ে লগতে প্ৰযুক্তিখণ্ডৰ আগশাৰীৰ কোম্পানী মিষ্টেল এ আইৰ সহ প্রতিষ্ঠাপক তথা মুখ্য কাৰ্যবাহী বিষয়া আৰ্থৰ মেন্ছৰ সৈতে কৃত্রিম বুদ্ধিমত্তা, উদ্ভাৱন আৰু দায়িত্বশীল কৃত্রিম বুদ্ধিমত্তা সন্দৰ্ভত আলোচনা কৰিব। চি এম এ চি জি এম গোটৰ অধ্যক্ষ তথা মুখ্য কাৰ্যবাহী বিষয়া ৰোডল্কে ছাডেৰ সৈতে হ’বলগীয়া বৈঠকেৰে প্ৰধানমন্ত্ৰীৰ আলোচনাৰ সামৰণি পৰিব।