এই আসন্ন পেৰিচ অলিম্পিকত ৬ গৰাকী ভাৰতীয় মল্লযোদ্ধাই অংশগ্রহণ কৰিব। ইয়াৰে ভিতৰত ৫ গৰাকী মহিলা মল্লযোদ্ধা আছে। অমন ছহৰাৰ্ট আৰু নিশা দাহিয়াই তুৰস্কৰ ইস্তানবুলত অনুষ্ঠিত বিশ্ব অলিম্পিক মল্লযুদ্ধ কোৱালিফায়াৰ প্ৰতিযোগিতাত ভাৰতৰ ক’টাৰ সংখ্যা ৬ লৈ বৃদ্ধি কৰে। ইয়াৰ পূৰ্বে ৱিনেশ ফ’গাটে ৫০ কিলোগ্রাম, অন্তিম পংঘালে ৫৩ কিলোগ্রাম, অংশু মালিকে ৫৭ কিলোগ্ৰাম আৰু ৰীতিকা হুড়াই ৭৬ কিলোগ্রাম ওজন শাখাত পেৰিচ অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰিছিল। ইস্তানবুল প্রতিযোগিতা মল্লযোদ্ধাসকলৰ বাবে পেৰিচ অলিম্পিকলৈ যোগ্যতা অৰ্জনৰ অন্তিম প্ৰতিযোগিতা আছিল।
Assamese | May 13, 2024 11:06 AM | Indian Wrestling | Peris Olympic
পেৰিচ অলিম্পিকত ৬ গৰাকী ভাৰতীয় মল্লযোদ্ধাৰ অংশগ্রহণ