ওমানৰ মাস্কাটত চলি থকা চলিত বৰ্ষৰ পুৰুষৰ জুনিয়ৰ এছিয়া কাপ হকী প্ৰতিযোগিতাৰ পুল এ’ৰ এখন খেলত কালি ভাৰতে জাপানক ৩-২ গলৰ ব্যৱধানত পৰাস্ত কৰে। থাইলেণ্ডৰ বিৰুদ্ধে ১১-০ ব্যৱধানত বিজয় অর্জন কৰা ভাৰতীয় দলৰ এয়া হ’ল ক্ৰমাগত দ্বিতীয়টো জয়। ভাৰতৰ হৈ থকচম কিংচন সিং, ৰোহিত আৰু অৰাইজিৎ সিং হুণ্ডালে গলকেইটা দিয়ে। জাপানৰ হৈ নিয়ো চাটোৱে দুটা গল পৰিশোধ কৰে। প্ৰতিযোগিতাত কাইলৈ আৰু পৰহিলৈ ভাৰত ক্ৰমে চীনা টাইপেই আৰু কোৰিয়াৰ মুখামুখি হ’ব।
Assamese | November 29, 2024 10:35 AM | India-Japan Hockey
পুৰুষৰ জুনিয়ৰ এছিয়া কাপ হকী প্ৰতিযোগিতাৰ খেলত জাপানৰ বিৰুদ্ধে ভাৰতৰ জয়লাভ