November 3, 2026 10:50 AM | PM metro

printer

পুনেত আজি প্ৰধানমন্ত্ৰীৰ মহিলাৰ দ্বাৰা পৰিচালিত ২১,৮০০ কোটি টকীয়া মেট্ৰ’ প্রকল্প মুকলি

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আজি ভিডিঅ’ কনফাৰেন্সিং ব্যৱস্থা মাধ্যমেৰে ২১ হাজাৰ ৮০০ কোটি টকা ব্যয়সাপেক্ষে নিৰ্মাণ কৰা পুনে মেট্ৰ’ প্রকল্প মুকলি কৰাৰ লগতে আধাৰশিলা স্থাপন কৰিব। এই পিংক লাইন মেট্ৰ’ সেৱা সম্পূৰ্ণ মহিলা ৰে’ল চালকসকলৰ জৰিয়তে পৰিচালিত হব। ৰে’ল যাতায়তৰ ক্ষেত্ৰত এয়া হৈছে প্ৰথমটো সম্পূর্ণ মহিলা কেন্দ্ৰিক ব্যৱস্থা। ৰে’ল যাতায়তৰ বাবে প্ৰয়োজন হোৱা বিদ্যুতৰ ৩০ শতাংশ সৌৰ শক্তিৰ জৰিয়তে পূৰণ কৰা হ’ব। প্ৰধানমন্ত্ৰীয়ে এখন জনসভাতো অংশগ্রহণ কৰিব। শ্ৰী মোডীয়ে ৮ হাজাৰ ৩০০ কোটিতকৈও অধিক পুঁজিৰে নিৰ্মাণ কৰি উলিওৱা পিংক লাইন হিচাপে জনাজাত ৩ নং পুনে মেট্ৰ’ লাইন মুকলি কৰিব। প্ৰযুক্তিৰ উদ্ভাৱন আৰু আধুনিক যোগাযোগ ব্যৱস্থাৰ জৰিয়তে পুনেৰ চহৰ অঞ্চলৰ যাতায়তৰ আন্তঃগাঁথনি ব্যৱস্থা শক্তিশালী কৰাৰ ক্ষেত্ৰত এই প্রকল্প এটা গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে বিবেচিত হৈছে। প্ৰায় ২৩ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই পিংক লাইনে বহু গুৰুত্বপূৰ্ণ অঞ্চলক সামৰি লৈছে। এই কডিৰে হিঞ্জিৱাড়ী আই টি হাব আৰু শিৱাজী নগৰৰ মাজত মেট্ৰ’ ৰেল’ সেৱাৰ সুবিধা প্ৰদান কৰিব।

এই কৰিডৰৰ সৈতে বৰ্তমানৰ মেট্ৰ’ নেটৱৰ্ক সংযোজিত হ’ব যিয়ে পুনেৰ বিভিন্ন অঞ্চলত সুচল যোগোযোগ ব্যৱস্থা গঢ়ি তুলিব। ইয়াৰ ফলত ব্যক্তিগত বাহনৰ ওপৰত থকা নিৰ্ভৰশীলতাৰ লগতে যানজটৰ সমস্যা হ্ৰাস পাব আৰু গুৰুত্বপূৰ্ণ ব্যৱসায়িক আৰু আৱাসিক অঞ্চলসমূহলৈ যোগোযোগ ব্যৱস্থা সূচল হ’ব।

প্রধানমন্ত্ৰীয়ে পুনে মেট্ৰ’ৰ দ্বিতীয় পৰ্য্যায়ৰ আধাৰশিলাও স্থাপন কৰিব। প্ৰায় ১৩ হাজাৰ ৫০০ কোটি টকা ব্যয়েৰে এই প্রকল্পক বিকশাই তোলা হ’ব। ইয়াৰ ফলত চহৰখনত মেট্ৰ’ ৰে’ল সেৱা সম্প্ৰসাৰিত হোৱাৰ লগতে আৱাসিক, ব্যৱসায়িক আৰু আই টিৰ গুৰুত্বপূৰ্ণ স্থানসমূহৰ সৈতে যোগাযোগ ব্যৱস্থা শক্তিশালী কৰিব। দ্বিতীয় পৰ্য্যায়ত টু এ, টু বি লাইনে প্রায় ১৩ কিলোমিটাৰ পথ সামৰি ল’ব। টুএ মেট্ৰ’ লাইনে ভেনাজৰ পৰা চান্দনিচৌক আৰু টুবি মেট্ৰ’লাইনে ৰামৱাড়ীৰ পৰা ভিট্টলবাড়ী অঞ্চলক সামৰি ল’ব।