পুণে আৰক্ষীয়ে মহানগৰখনৰ কল্যাণী নগৰত অলপতে সংঘটিত এটা পথ দুৰ্ঘটনাৰ গোচৰ সন্দৰ্ভত ছেছুন চিকিৎসালয়ৰ দুগৰাকী ডাক্তৰক গ্ৰেপ্তাৰ কৰিছে। তেওঁলোকক ফৰেণছিক বিভাগৰ মুৰববী ডাঃ অজয় টাৱাৰে আৰু ডাঃ শ্ৰীহৰি হাৰলোৰ বুলি জানিবলৈ দিছে। পঞ্জীয়ন নথকা এখন গাড়ীৰে এটা কিশোৰে সুৰামত্ত অৱস্থাত পথ দুৰ্ঘটনা সংঘটিত কৰাৰ ফলত দুগৰাকী যুৱ ইঞ্জিনীয়াৰ মৃত্যু হোৱাৰ ঘটনাৰ গোচৰ সন্দৰ্ভত কিশোৰটোৰ তেজৰ নমুনা সলনি কৰাৰ অভিযোগত তেওঁলোকক গ্ৰেপ্তাৰ কৰা হয়। কিশোৰটোৰ তেজৰ নমুনা ছেছুন চিকিৎসালয়লৈ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰাৰ পাছত তেজৰ প্ৰতিবেদন সালসলনি কৰাৰ অভিযোগত আৰক্ষীয়ে তেওঁলোকক গ্ৰেপ্তাৰ কৰে৷
Assamese | May 27, 2024 6:34 PM | Arrest
পুণেত প্ৰতিবেদন সালসলনি কৰাৰ অভিযোগত ছেছুন চিকিৎসালয়ৰ দুগৰাকী ডাক্তৰ গ্ৰেপ্তাৰ