August 9, 2026 8:39 PM | Water reserve

printer

পাঠশালা পৌৰসভাৰ উদ্যোগত পকীকৰণ-বৰষুণৰ পানী সংৰক্ষণ আৰু ভূ-গর্ভস্থ পানী পুনৰ ভৰ্তি হোৱাৰ প্ৰতি এক ডাঙৰ ভাবুকি শীর্ষক তর্ক প্রতিযোগিতা

পাঠশালা পৌৰসভাৰ উদ্যোগত আজি হৰি মন্দিৰ প্ৰাংগণত এখন তর্ক প্রতিযোগিতা অনুষ্ঠিত হয়। পকীকৰণ-বৰষুণৰ পানী সংৰক্ষণ আৰু ভূ-গর্ভস্থ পানী পুনৰ ভৰ্তি হোৱাৰ প্ৰতি এক ডাঙৰ ভাবুকি শীর্ষক বিষয় সন্দৰ্ভত অনুষ্ঠিত প্রতিযোগিতাখনত জিলাখনৰ কেইবাখন শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে।

অনুষ্ঠানত পাঠশালা পৌৰসভাৰ পৌৰপতি, উপ পৌৰপতি, কাৰ্যবাহী বিষয়া আৰু ৱাৰ্ড কমিচনাৰসকলকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। পৌৰসভাৰ এই পদক্ষেপৰ জৰিয়তে বৰষুণৰ পানী সংৰক্ষণ তথা ভূ-গর্ভস্থ পানীৰ সুৰক্ষাৰ প্রতি জনসাধাৰণৰ মাজত সজাগতা বৃদ্ধি হ’ব বুলি আশা কৰা হৈছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।