মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে আজি বজালী জিলাৰ পাঠশালাৰ ছহিদ মদন ৰাউতা মহকুমা অসামৰিক চিকিৎসালয়ত প্রধানমন্ত্ৰী ৰাষ্ট্ৰীয় ডায়েলাইছিছ প্ৰকল্পৰ অধীনত বিনামূলীয়া ডায়েলাইছিছ কেন্দ্ৰ মুকলি কৰে। ভাষণ প্ৰসংগত তেওঁ কয়, যে দেশৰ আগশাৰীৰ চিকিৎসালয় এপল’ৰ সৈতে ৰাজ্য চৰকাৰে কৰা চুক্তি অনুসৰি স্বাস্থ্যখণ্ডত ডায়েলাইছিছৰ ব্যৱস্থা কৰা হৈছ। চাহ-মিঠাইৰ নামত ৰোগীৰ পৰা কেন্দ্ৰটোত কৰ্মৰত চিকিৎসক, কৰ্মচাৰীয়ে যাতে এটকাও নলয় তাৰ বাবে তেওঁ সকিয়াই দিয়ে। উল্লেখযোগ্য যে, এই কেন্দ্ৰটোত এতিয়াৰ পৰা প্ৰতিদিনে ১২ গৰাকীকৈ ব্যক্তিক ডায়েলাইছিছ কৰিব পৰা যাব। এই কেন্দ্ৰটোৱে বজালী জিলাৰ ৰাইজক উপকৃত কৰিব বুলি আশা কৰা হৈছে।
Assamese | October 3, 2025 7:02 PM | Ranjit das
পাঠশালাৰ ছহিদ মদন ৰাউতা মহকুমা অসামৰিক চিকিৎসালয়ত বিনামূলীয়া ডায়েলাইছিছ কেন্দ্ৰ মুকলি