পাকিস্তানৰ ৰাজধানী ইছলামাদৰ এখন আদালতে দেশখনৰ প্ৰাক্তন প্রধানমন্ত্ৰী ইমৰান খান আৰু তেওঁৰ পত্নীক অবৈধ বিবাহ গোচৰত দোষমুক্ত ঘোষণা কৰিছে। আদালতখনে শ্রীখানৰ বিৰুদ্ধে থকা অনা ইছলামীয় বিবাহ সম্পৰ্কীয় অভিযোগ খাৰিজ কৰিছে। ইমৰান খানৰ বিবাহৰ আইনী বৈধতাক প্ৰত্যাহ্বান জনাই দাখিল কৰা এখন আৱেদনৰ শুনানি গ্ৰহণ কৰি ন্যায়ালয়ে কালি এইদৰে ৰায় দিয়ে। ন্যায়ালয়ে ফেব্ৰুৱাৰীত বুছৰা খানে পূৰ্বৰ বিবাহৰ পৰা বিচ্ছেদ আৰু ইমৰান খানৰ সৈতে বিবাহৰ মাজত আৱশ্যকীয় ব্যৱধানৰ নিয়ম পালন কৰাত ব্যৰ্থ হোৱাৰ বাবে ইছলামীয় আইন অনুসৰি দোষী সাবস্ত কৰিছে। ইপিনে, অনা ইছলামীয় বিবাহ গোচৰত দোষমুক্ত হোৱাৰ ঠিক পাছতে নেচনেল একাউণ্টেবিলিটি ব্যুৰুই তেওঁলোকক টোছখানা দুর্নীতি গোচৰত পুনৰ গ্ৰেপ্তাৰ কৰে। পাকিস্তান তেহৰিক-ই-ইনছাফ পাৰ্টীৰ প্ৰতিষ্ঠাপকগৰাকী যোৱা বছৰ আগষ্টৰ পৰা কাৰাগাৰত আছে।
Assamese | July 14, 2024 12:30 PM | Pakistan court acquits former PM Imran Khan
পাকিস্তানৰ প্ৰাক্তন প্রধানমন্ত্ৰী ইমৰান খান অবৈধ বিবাহ গোচৰত দোষমুক্ত