আফগানিস্তানৰ প্ৰাক্তন ৰাষ্ট্ৰপতি হামিদ কাৰ্জাবেই আজি আফগানিস্তানৰ উনাৰ আৰু পাকতিকাত পাকিস্তানৰ আকাশী আক্ৰমণক গৰিহণা দিয়ে। তেওঁ সামাজিক মাধ্যমৰ এটা বার্তাযোগে এই কাৰ্যক আফগানিস্তানৰ সার্বভৌমত্বৰ প্ৰতি ভাবুকি বুলি অভিহিত কৰে। পাকিস্তানৰ আকাশী আক্ৰমণত নিহত সকলৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে আৰু আহতসকলৰ আশু আৰোগ্য কামনা কৰে।
তালিবানি কর্তৃপক্ষই কয়, যে পাকিস্তানৰ আক্ৰমণত ৩ জন লোকে প্রাণ হেৰুৱাই আৰু ৪ জন লোক আহত হয়। তালিবানৰ মুখ্য মুখপাত্র জাবিবুল্লা মুজাহিদে পাকিস্তানী আকাশী আক্ৰমণক গৰিহণা দি এই আক্ৰমণৰ সমুচিত প্ৰত্যুত্তৰ দিয়া হ’ব বুলি সকিয়াই দিয়ে।