পাকিস্তানী সশস্ত্র বাহিনীয়ে শেহতীয়াকৈ বেলুচিস্তানৰ কোৱেটা, পঞ্জগুৰ, খাৰন আৰু মাস্তুং জিলাত এলানি অভিযান চলাই শিক্ষার্থীকে ধৰি কমেও ১৮ জন লোকক আটক কৰি অজ্ঞাত স্থানত আৱদ্ধ কৰি ৰাখিছে। স্থানীয় সংবাদ মাধ্যমে এই সন্দৰ্ভত প্ৰকাশ কৰি কয়, যে কোৱেটাৰ ব্ৰেৱাৰী এলেকাত যোৱা শুকুৰবাৰে নিশা অভিযান চলাই সশস্ত্র বাহিনীয়ে দুজন বেলুচ ছাত্ৰক তেওঁলোকৰ ঘৰৰ পৰা আটক কৰি লৈ যায়। পাকিস্তানী সেনাই ছাত্র দুজনৰ কোঠালীত বলপূর্বক প্ৰৱেশ কৰি কোনোধৰণৰ গ্ৰেপ্তাৰী পাৰোৱানা অবিহনেই তেওঁলোকক আটক কৰি নিয়ে বুলিও প্রত্যক্ষদর্শীয়ে প্রকাশ কৰে। কালিৰ দিনটোত পাকিস্তানৰ বেলুচিস্তান প্ৰদেশৰ বিভিন্ন স্থানৰ পৰা দেশখনৰ নিৰাপত্তা বাহিনীয়ে ৮ গৰাকী অসামৰিক লোকক বলপূর্বকভাবে কোনো অজ্ঞাত স্থানলৈ লৈ যোৱা বুলিও বাতৰিত প্ৰকাশ পাইছে। পাকিস্তানৰ মানৱ অধিকাৰ আয়োগকে ধৰি ভিন ভিন সংস্থাই এনেধৰণে সাধাৰণ নাগৰিক ৰহস্যজনকভাৱে সন্ধানহীন হৈ পৰা ঘটনাক লৈ উদ্বেগ প্রকাশ কৰি এনে ঘটনাক আইন আৰু নীতিৰ উলংঘন বুলি অভিহিত কৰে।
Assamese | October 20, 2025 5:41 PM | Pakistan Army in Baluchistan
পাকিস্তানী সশস্ত্র বাহিনীয়ে বেলুচিস্তানত কমেও ১৮ জন লোকক আটক কৰি অজ্ঞাত স্থানত আৱদ্ধ কৰি ৰাখিছে