চীনৰ মকীত অনুষ্ঠিত মহিলাৰ জুনিয়ৰ হকী এছিয়া কাপ প্রতিযোগিতাত ভাৰতীয় দলটোৱে পাকিস্তানক ১৯-০ গলত ধূলিস্যাৎ কৰি ছেমি ফাইনেলত স্থান নিশ্চিত কৰিছে। খেলখনত আৰম্ভণিৰ পৰাই ভাৰতীয় দলটোৱে দুর্দান্ত প্রদর্শনেৰে প্ৰতিযোগিতাখনৰ এই অন্যতম বৃহৎ জয় সাব্যস্ত কৰে। ভাৰতে ১৯ টা গল, ১৮ টা পেনাল্টি কর্ণাৰ আৰু এটা পেনাল্টি স্ট্রোক লাভ কৰাৰ বিপৰীতে পাকিস্তানে এটাও গল, কর্ণাৰ অথবা পেনাল্টি স্ট্রোক লাভ কৰাত ব্যর্থ হয়। ভাৰতৰ হৈ পূজা মালিকে তিনিটা গলেৰে হেট্রিক অর্জন কৰে। ভাৰতীয় দলটোৱে পৰৱৰ্তী পৰ্য্যায়ত কোৰিয়া আৰু মালয়েছিয়াৰ মাজত শনিবাৰে হ’বলগীয়া ছেমি ফাইনেলৰ বিজয়ী দলটোৰ বিৰুদ্ধে অৱতীর্ণ হ’ব। উল্লেখযোগ্য যে, ভাৰতৰ পুৰুষৰ জুনিয়ৰ হকী দলটোৱে জুনিয়ৰ হকী এছিয়া কাপত ইতিমধ্যে ছেমি ফাইনেলত প্ৰৱেশ কৰিছে।
Assamese | September 10, 2026 7:51 PM | Asia Hockey
পাকিস্তানক ১৯-০ গলত ধূলিস্যাৎ কৰি ছেমি ফাইনেলত ভাৰত