পাঁচদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কামৰূপ জিলাৰ চানডুবি উৎসৱৰ আজি সামৰণি পৰিছে। বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠান আৰু বিয়লি সমূহীয়া জুইৰে আজি চানডুবি মেলাৰ সামৰণি পৰে। আজি অন্তিম দিনাও মেলাথলীত বহু লোকৰ সমাগম হয। উল্লেখযোগ্য যে, বিগত ১৫ বছৰে চানডুবিৰ জৈৱ বৈচিত্র্য তথা ইয়াৰ দাঁতিকাষৰীয়া জনগোষ্ঠীয় লোকসকলৰ কৃষ্টি-সংস্কৃতিৰ ৰক্ষা আৰু সংৰক্ষণৰ বাবে চানডুবি উৎসৱৰ আয়োজন কৰি অহা হৈছে। চানডুবি বিল আৰু কাষৰীয়া অঞ্চলৰ পৰ্যটনৰ সম্ভাৱনা বিকাশৰ প্ৰতি সজাগতা সৃষ্টিৰ বাবে এই উৎসৱৰ আয়োজন কৰা হয়। উৎসৱৰ অংশ হিচাপে জনগোষ্ঠীয় খাদ্যমেলা, হস্ততাঁত বস্ত্র বিপণী আৰু বিভিন্ন লোকসংস্কৃতি অনুষ্ঠানৰ আয়োজন কৰা হয়।
Assamese | January 5, 2025 7:05 PM | Chandubi Festival
পাঁচদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত চানডুবি উৎসৱৰ সামৰণি