চৰকাৰে পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পৰিপ্ৰেক্ষিতত আজি নতুন দিল্লীত এখন সর্বদলীয় বৈঠক আৰম্ভ হৈছে। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে বৈঠকত অধ্যক্ষতা কৰিছে। বৈঠকত গৃহমন্ত্রী অমিত শ্বাহ, বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰ, বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমন, বিজেপিৰ সভাপতি জে পি নাড্ডা, জ্যেষ্ঠ কংগ্ৰেছ নেতা ৰাহুল গান্ধী আৰু মল্লিকার্জুন খাৰ্গে, সংসদীয় পৰিক্ৰমা মন্ত্রী কিৰেণ ৰিজিজু, ডি এম কে তিৰুচি শিবা, এন চি পিৰ নেতা প্রফুল পেটেল, সমাজবাদী পাৰ্টীৰ ৰামগোপাল যাদৱ, আম আদমী পাৰ্টীৰ সঞ্জয় সিং, আৰ জে ডিৰ প্ৰেমচান্দ গুপ্তা, ৱাই এছ আৰ চি পিৰ মিথুন ৰেড্ডী, তৃণমূল কংগ্ৰেছৰ সুদীপ বন্দোপধ্যায় আদি নেতা উপস্থিত থাকে।
Assamese | April 24, 2025 8:10 PM | All Party Meeting
পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পৰিপ্ৰেক্ষিতত নতুন দিল্লীত সর্বদলীয় বৈঠক