ভাৰতে পহলগাম সন্ত্রাসবাদী আক্ৰমণৰ বিষয়টো ৰাষ্ট্ৰসংঘত শক্তিশালীভাৱে উত্থাপন কৰাৰ লগতে সন্ত্ৰাসবাদীক প্ৰশিক্ষণ আৰু পুঁজিৰ যোগান ধৰা সন্দৰ্ভত পাকিস্তানৰ মন্ত্ৰীৰ স্বীকাৰোক্তিৰ বিষয়টোও উত্থাপন কৰিছে। ৰাষ্ট্ৰসংঘত থকা ভাৰতৰ উপ-স্থায়ী প্রতিনিধি য়োজনা পেটেলে পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰী খোৱাজা আচিফৰ শেহতীয়া সাক্ষাৎকাৰৰ বিষয়টো আঙুলিয়াই দিয়ে। তেওঁ কয়, যে সাক্ষাৎকাৰটোত মন্ত্ৰীগৰাকীয়ে সন্ত্রাসবাদী গোটক পাকিস্তানে কিদৰে সমৰ্থন, প্ৰশিক্ষণ বা পুঁজিৰ যোগান ধৰি আহিছে, সেই সন্দৰ্ভত দিয়া স্বীকাৰোক্তিক সমগ্ৰ বিশ্বই শুনিছে। শ্রী পেটেলে কয়, যে এই স্বীকাৰোক্তিয়ে কাকো আচৰিত কৰা নাই, বৰঞ্চ সন্ত্ৰাসবাদক উচতনি দিয়া আৰু অঞ্চলটোক অস্থিৰ কৰি তোলাৰ বাবে কৰি অহা কাম-কাজক সকলোৰে আগত উদঙাই দিলে। প্রতিনিধিগৰাকীয়ে ভাৰতৰ বিৰুদ্ধে ভিত্তিহীন আৰোপ লগোৱা আৰু প্ৰচাৰৰ উদ্দেশ্যে আন্তঃৰাষ্ট্ৰীয় মঞ্চ ব্যৱহাৰ কৰাৰ বাবে পাকিস্তানৰ নিন্দা কৰে ।
তেওঁ পহলগামৰ শেহতীয়া আক্ৰমণৰ পাছত সমগ্ৰ বিশ্ব নেতাসকলৰ উপৰি চৰকাৰৰ শক্তিশালী সমৰ্থন আৰু একতাৰ বাবে ভাৰতক ধন্যবাদ জ্ঞাপন কৰে।
Assamese | April 29, 2025 6:33 PM | Pahangam - UN
পহলগাম আক্ৰমণৰ বিষয়টো ভাৰতৰ উপ-স্থায়ী প্রতিনিধি যোজনা পেটেলৰ ৰাষ্ট্ৰসংঘত উত্থাপন