December 22, 2024 12:04 PM | Western India Slam Squash

printer

পশ্চিম ভাৰত শ্লেম স্কোৱাশৰ মহিলাৰ ফাইনেলত আনাহত সিং আৰু আকাংক্ষা সালুংখৰ মুখামুখি

পশ্চিম ভাৰত শ্লেম স্কোৱাশৰ মহিলাৰ ফাইনেলত এছিয়ান গেমছৰ দ্বৈত পদকজয়ী আনাহত সিং আৰু শীৰ্ষ বাছনিৰ আকাংক্ষা সালুংখে মুখামুখি হ’ব। খেলখন আজি দিনৰ ২-৪৫ মিনিটত অনুষ্ঠিত হ’ব।
ছেমি ফাইনেলত আনাহতে ইজিপ্টৰ নুৰ খাফাগিক ৩-১, ১১–৪, ১২-১৪, ১১-৯, ১১-৯ ছেটত আৰু আকাংক্ষাই ইজিপ্তৰ পঞ্চম বাছনিৰ জানা ছ’ৱাইফিক ১১-৫, ১২-১৪, ১৫-১৩, ৫-১১, ১২–১০ ছেত পৰাস্ত কৰিছিল। ইপিনে, পুৰুষৰ এখন ছেমি ফাইনেলত ভাৰতৰ বীৰ ছটৰাণী মালয়েছিয়াৰ অমিশেনৰাজ চন্দ্ৰৰণৰ বিৰুদ্ধে ১০-১২, ১২-১৪, ৮-১১ৰ পোনপটীয়া ছেটত পৰাস্ত হৈছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।