নির্বাচন আয়োগে ভোটাৰ তালিকাত অবৈধভাৱে ভুৱা ভোটাৰৰ নাম অন্তৰ্ভুক্ত কৰাৰ অভিযোগত বৰ্খাস্ত কৰা পশ্চিমবংগৰ পাঁচজন বিষয়াৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিবলৈ সংশ্লিষ্ট জিলা নির্বাচন কর্তৃপক্ষক নির্দেশ দিছে। ৰাজ্যিক মুখ্য নির্বাচনী বিষয়াৰ কাৰ্যালয়ে প্রকাশ কৰা অনুসৰি বাৰুইপুৰ পূব বিধানসভা সমষ্টিৰ নিৰ্বাচনী পঞ্জীয়ন বিষয়া দেৱোত্তম দত্ত চৌধুৰী, সহকাৰী নিৰ্বাচনী পঞ্জীয়ন বিষয়া তথাগত মণ্ডল, মইনা বিধানসভা সমষ্টিৰ নির্বাচনী পঞ্জীয়ন বিষয়া বিপ্লৱ সৰকাৰ, সহকাৰী নিৰ্বাচনী পঞ্জীয়ন বিষয়া সুদীপ্ত দাস আৰু ডাটা এন্ট্রি অপাৰ্টেৰ সুৰজিত হালদাৰৰ বিৰুদ্ধে অপৰাধজনিত গোচৰ ৰুজু কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। ইয়াৰ পূৰ্বে নিৰ্বাচন আয়োগে বিষয়াকেইগৰাকীজনক বৰ্খাস্ত কৰি ৰাজ্যখনৰ মুখ্য সচিবক তেওঁলোকৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰাটো নিশ্চিত কৰিবলৈ নিৰ্দেশ দিছিল। কিন্তু বিষয়াকেইগৰাকীক বৰ্খাস্ত কৰাৰ পাছতো পশ্চিমবংগ চৰকাৰে এজাহাৰ দাখিল নকৰাত নির্বাচন আয়োগে নিজাববীয়া গোচৰ ৰুজু কৰি জিলা দণ্ডাধীশক বিষয়াকেইগৰাকীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিবলৈ পোনপটীয়া নির্দেশ দিয়ে।
Assamese | January 3, 2026 12:36 PM | ECI direction to WB
পশ্চিমবংগ সংশ্লিষ্ট জিলা নির্বাচন কর্তৃপক্ষক নির্দেশ নির্বাচন আয়োগৰ নিৰ্দেশ