কেন্দ্ৰীয় ৰে’লমন্ত্ৰী অশ্বিনী বৈষ্ণৱে কৈছে যে পশ্চিমবংগৰ দীৰ্ঘদিন ধৰি আধৰুৱা হৈ থকা ৰে’ল প্ৰকল্পসমূহ সমাধান কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। এই পদক্ষেপে ৰাজ্যখনত ৰে’ল আন্তঃগাথনিৰ উন্নয়নৰ ক্ষেত্ৰত এটা নতুন যুগৰ সূচনা কৰিব। কলকাতাৰ নবান্নাত মুখ্যমন্ত্রী শুবেন্দু অধিকাৰীৰ সৈতে এখন যুটীয়া সংবাদমেলত সম্বোধি শ্রীবৈষ্ণৱে কয় যে ২০২৬-২৭ বৰ্ষৰ ৰে’ল বাজেটত পশ্চিমবংগৰ বাবে ১৪ হাজাৰ ২০৫ কোটি টকাৰ আৱণ্টন দিয়া হৈছে। তেওঁ কয় যে ৰাজ্যখনত ইতিমধ্যে ১০ টা অমৃত ভাৰত ৰে’ল ষ্টেছনৰ নিৰ্মাণ সম্পূৰ্ণ কৰা হৈছে। ৯ খন বন্দে ভাৰত এক্সপ্ৰেছ ৰে’লগাড়ী আৰু কেইবাখনো অমৃত ভাৰত ৰে’লগাড়ীৰ বৰ্তমান চলাচল কৰি আছে। ৰেলমন্ত্ৰীগৰাকীয়ে অহা ৫ বছৰৰ ভিতৰত ক’লকাতা ট্ৰেৰ বাবে মুকলি কৰিবলগীয়া ৬০ খন পৰৱৰ্তী প্ৰজন্মৰ ৰেলগাড়ী পৰিকল্পনা কৰি থকাৰ কথাও ঘোষণা কৰে ৷ তেওঁ লগতে প্ৰস্তাৱিত দিল্লী-লক্ষ্ণৌ-বাৰানসী-পাটনা-শিলিগুৰি বুলেট ৰেলগাড়ী কৰিডৰ আৰু দানকুনি – চুৰাট পূৱ-পশ্চিম পৰিবহন কৰিড’ৰ প্ৰকল্পই ৰাজ্যখনৰ অৰ্থনৈতিক আৰু ঔদ্যোগিক বিকাশক নতুন গতি প্ৰদান কৰিব বুলি মত প্ৰকাশ কৰে। তেওঁ লগতে কয় যে পূৰ্বৰ তৃণমূল কংগ্ৰেছ চৰকাৰৰ অৱহেলাৰ বাবে ছিংৰিঘাটা মেট্ৰ প্ৰকল্প সম্পূৰ্ণ হৈ নুঠিল। কিন্তু নতুন চৰকাৰখনে দায়িত্ব লোৱাৰ ১২০ ঘণ্টাৰ ভিতৰতে এই প্রকল্প সম্পূৰ্ণ কৰি তোলা হ’ল।
মুখ্যমন্ত্ৰী শুবেন্দু অধিকাৰীয়ে কয় যে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে যুটীয়াভাৱে ১ লাখ কোটিতকৈও অধিক ব্যয়ৰ ৰেল আন্তঃগাথনি প্ৰকল্পৰ অনুমোদন জনাব। তেওঁ কয় যে পশ্চিমবংগত ১০২ টা অমৃত ভাৰত ষ্টেছন, ৫৩৮ উৰণীয়া সেতু আৰু উপপথ নিৰ্মাণৰ পৰিকল্পনা লোৱা হৈছে। ৬১ টা ৰেল প্ৰকল্পৰ বাবে ভূমি অধিগ্ৰহণৰ কাম-কাজ অব্যাহত আছে আৰু এই কাম-কাজৰ অগ্ৰগতি নিৰীক্ষণৰ বাবে মুখ্য সচিবৰ কাৰ্যালয়ত এটা বিশেষ কোষ স্থাপন কৰা হৈছে বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। মুখ্যমন্ত্ৰী শ্ৰীঅধিকাৰীয়ে ৰেল মন্ত্ৰী অশ্বিনী বৈষ্ণৱক প্ৰব্ৰজনকাৰী শ্ৰমিক আৰু শিক্ষিত যুৱক-যুৱতীসকলৰ নিয়োগ সৃষ্টিৰ বাবে ইতিবাচক পদক্ষেপ গ্ৰহণ কৰাৰ অনুৰোধ জনায়। শ্রীবৈষ্ণৱে আজি বিমান বন্দৰৰ পৰা নোৱাপাৰালৈ মেট্টো ৰে’লেৰে ভ্ৰমণ কৰাৰ সময়ত যাত্ৰীসকলৰ সৈতে মত বিনিময় কৰে। শ্ৰীবৈষ্ণৱৰ সৈতে ৰাজ্যমন্ত্ৰী জগন্নাথ চট্টোপধ্যায় আৰু সাংসদ জ্যোতিময় সিং মাহাতো উপস্থিত থাকে।