জ্যেষ্ঠ বিজেপি নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পশ্চিমবংগত কেইবাখনো নির্বাচনী সভাত অংশগ্ৰহণ কৰিব। তেওঁ আজি দুপৰীয়া পুৰুলীয়া লোকসভা সমষ্টিৰ দলীয় প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাব। বিয়লি শ্রীমোদীয়ে বাৰুকা জিলাৰ বিষ্ণুপুৰ আৰু মেডিনিপুৰ লোকসভা সমষ্টিৰ খড়গপুৰত নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিব। ইপিনে এইবাৰৰ সাধাৰণ নিৰ্বাচন স্বজনপ্রীতি তথা পক্ষপাতিত্বৰ মানসিকতা আৰু দেশক দুৰ্বল কৰিব বিচৰা শক্তিসমূহক পৰাস্ত কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হোৱা বুলি শ্ৰী মোদীয়ে কালি মতপ্রকাশ কৰিছে। কালি সন্ধিয়া উত্তৰ-পূব দিল্লীত এখন নির্বাচনী সভাত ভাষণ দি তেওঁ কয় যে, ভাৰতীয় ৰাজনৈতিক ব্যৱস্থাক এখন স্থিৰ চৰকাৰৰ প্ৰয়োজন। ৰাষ্ট্ৰীয় ৰাজধানীখন বিশ্বৰ আকৰ্ষণৰ কেন্দ্ৰ হোৱা উচিত বুলি উল্লেখ কৰি তেওঁ কয় যে, জি-২০ শীৰ্ষ সন্মিলনৰ সময়ত দিল্লীৰ পৰিৱৰ্তন দেখি বিশ্বৰ নেতাসকল বিস্মিত হৈছিল। শ্রীমোদীয়ে লগতে কয় যে, ভাৰত মণ্ডপম আৰু য়ধুভূমিৰ দৰে আধুনিক সন্মিলন গৃহৰ লগতে ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰক আৰু নতুন সংসদভৱনে দিল্লীক এতিয়া উজ্বলাই তুলিছে।
Assamese | May 19, 2024 12:58 PM | PM Modi Campaign
পশ্চিমবংগৰ কেইবাখনো নির্বাচনী সভাত জ্যেষ্ঠ বিজেপি নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰচাৰ অভিযান