মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি কামৰূপ জিলাৰ পলাশবাৰী আৰু কমলপুৰ বিধানসভা সমষ্টিৰ আত্মসহায়ক গোটৰ সদস্যাসকলৰ মাজত মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনিৰ অধীনত ১০ হাজাৰ টকাকৈ চেক বিতৰণ কৰে। পলাশবাৰী আৰ বি উচ্চতৰ মাধ্যমিক বিদ্যালয় খেল পথাৰত আয়োজিত কাৰ্যসূচীত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই পলাশবাৰী সমষ্টিৰ ৩৬ হাজাৰ ৫১ গৰাকী মহিলাক উদ্যমিতা পুঁজিৰ চেক বিতৰণ কৰে। অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে দক্ষিণ কামৰূপৰ পুৰণি এৰী-মুগা শিল্পৰ উন্নয়নৰ বাবে চৰকাৰে বিশেষ ব্যৱস্থা গ্ৰহণৰ পৰিকল্পনা কৰি থকাৰ বিষয়ে প্ৰকাশ কৰে। সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত শ্ৰীশৰ্মাই পলাশবাৰী নগৰৰ উন্নয়নৰ বাবে গ্ৰহণ কৰিবলগীয়া ব্যৱস্থাৰ বিষয়েও উল্লেখ কৰে।
-বাইট(মুখ্যমন্ত্রী)-
মুখ্যমন্ত্রীয়ে লগতে বিহদিয়া জাজিকোণা আঞ্চলিক ৰাস উদযাপন থলীত আয়োজিত অনুষ্ঠানত কমলপুৰ সমষ্টিৰ ৩২ হাজাৰ ৮০৪ গৰাকী মহিলাক প্ৰাৰম্ভিক মূলধনৰ চেক প্ৰদান কৰে।
Assamese | January 16, 2026 7:52 PM | Cheque Distribute
পলাশবাৰী আৰু কমলপুৰৰ আত্মসহায়ক গোটৰ সদস্যাসকলৰ মাজত ১০ হাজাৰ টকাকৈ চেক বিতৰণ