কু-সংস্কাৰ আৰু অন্ধ বিশ্বাসৰ বিৰুদ্ধে আজীৱন যুঁজ দিয়া বিৰুবালা ৰাভাই আজি পুৱা গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে। তেওঁক কেন্দ্ৰীয় চৰকাৰে ২০২১ চনত দেশৰ চতুৰ্থ অসামৰিক সন্মান পদ্মশ্ৰী বঁটাৰে সন্মানিত কৰিছিল। সমাজত প্ৰচলিত কু-সংস্কাৰ, ডাইনী প্ৰথাৰ বিৰুদ্ধে দুই দশকৰো অধিক কাল যুঁজ দি অহা বিৰুবালা ৰাভা সমাজৰ একাংশ লোকৰ অন্যায়ৰ বলি হোৱা নিৰীহ লোকসকলৰ বাবে সাহৰ শিখা, সকাহৰ অন্য নাম আছিল। ১৯৫৪ চনত গোৱালপাৰা জিলাৰ ঠাকুৰভিলাত জন্মগ্ৰহণ কৰা এইগৰাকী প্ৰগতিকামী মহিলাই সমাজত প্ৰচলিত কু-সংস্কাৰৰ বিৰুদ্ধে সচেতনতা সৃষ্টিৰ বাবে আজীৱন প্ৰচেষ্টা চলাইছিল। আজি বিয়লি ৰাভাৰ নশ্বৰদেহ বাসগৃহলৈ অনাৰ পথত দুধনৈৰ পৰিদৰ্শন বঙলাত ৰাভা-হাছং স্বায়ত্ত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভাৰ লগতে বিভিন্ন দল-সংগঠনৰ প্ৰতিনিধিয়ে শেষ শ্রদ্ধা জ্ঞাপন কৰে। ৰাজহুৱা শশ্মানত অসম চৰকাৰৰ হৈ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা আৰু গোৱালপাৰা জিলাৰ আয়ুক্ত খনীন্দ্ৰ চৌধুৰীয়ে তেওঁক শেষ শ্ৰদ্ধা জনায়। ইয়াৰ পাছতে ৰাষ্ট্ৰীয় মর্যাদাৰে তেওঁৰ শেষকৃত্য সম্পন্ন কৰা হয়। মুখ্যমন্ত্রী ডº হিমন্ত বিশ্ব শৰ্মাই বিৰুবালা ৰাভাৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালেও বিৰুবালা ৰাভাৰ বিয়োগ অসমৰ সমাজ জীৱনৰ বাবে অপূৰণীয় ক্ষতি বুলি সামাজিক মাধ্যম যোগে শোকবার্তা প্ৰেৰণ কৰিছে।
Assamese | May 13, 2024 7:09 PM | Birubala Rabha
পদ্মশ্ৰী সন্মানেৰে বিভূষিত বিৰুবালা ৰাভাৰ দেহাৱসান