হোজাই জিলাত বিগত কিছুদিন ধৰি সঘনাই পথ দুৰ্ঘটনা সংঘটিত হৈ অহাৰ পৰিপ্ৰেক্ষিতত জিলা প্রশাসনে ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ অধীনত যান-বাহন চলাচলৰ ক্ষেত্ৰত কিছু নিষেধাজ্ঞা আৰোপ কৰিছে। জিলাখনৰ ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক ঘাইপথসমূহত সন্ধিয়া ৫ বজাৰ পৰা পুৱা ৮ বজালৈ ডাম্পাৰৰ দৰে গধুৰ বাহন চলাচলত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। ৰাজ্যিক আৰু গ্ৰাম্য পথত সন্ধিয়া ৫ বজাৰ পৰা পুৱা ৬ বজালৈ ই-ৰিক্সা চলাচলত নিষেধাজ্ঞা আৰোপ কৰিছে। জিলা পৰিবহন বিষয়াই জনোৱা মতে ৰাষ্ট্ৰীয় ঘাইপথত সকলো ধৰণৰ গধুৰ বাহনৰ গতি ঘণ্টাত ৪০ কিলোমিটাৰ আৰু লঘু বাহনৰ গতিবেগ ঘণ্টাত ৬০ কিলোমিটাৰলৈ সীমাবদ্ধ কৰা হৈছে। পৌৰসভা আৰু গ্ৰাম্যাঞ্চলত সকলো ধৰণৰ বাহনৰ গতিবেগ ঘণ্টাত ৪০ কিলোমিটাৰলৈ সীমাবদ্ধ কৰা হৈছে। তদুপৰি হোজাই জিলাৰ ৰেংবেঙৰ পৰা লামডিং আৰু ডবকাৰ পৰা পাৰখোৱা সংযোগী ৰাষ্ট্ৰীয় ঘাইপথত বাহন ৰখাই থোৱাত নিষেধাজ্ঞা আৰোপ কৰিছে।
Assamese | November 30, 2025 7:01 PM | Hojai District Transport Deptt
পথ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি হোজাই জিলাত যান-বাহন চলাচলৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ