পথ দুর্ঘটনা ৰোধ আৰু জনসাধাৰণৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ লক্ষ্যৰে বজালী জিলা প্ৰশাসন আৰু আৰক্ষীয়ে বিশেষ ব্যবস্থা গ্রহণ কৰিছে। জিলা প্রশাসন, আৰক্ষী, পৰিবহণ আৰু আবকাৰী বিভাগৰ যৌথ উদ্যোগত জিলাখনৰ কেন্দুগুৰি, হৰিপুৰ আদি অঞ্চলত বিশেষ তালাচী অভিযান চলোৱা হৈছে। প্রশাসনৰ এই অভিযানত হেলমেট আৰু ছাটবেল্ট বাহন চলোৱা, যান-বাহন আইন উলংঘা কৰা আৰু সুৰাপান কৰি বাহন চলোৱা চালকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱা হৈছে। একেদৰে জিলাখনৰ পাঠশালা নগৰৰ ৰাজপথতো প্রশাসনে বিশেষ তালাচী অভিযান চলাইছে। উৎসৱৰ আনন্দৰ মাজতে জিলাখনত যাতে কোনোধৰণৰ দুর্ঘটনা সংঘটিত নহয় ইয়াৰ বাবে প্রশাসনে এই পদক্ষেপ গ্ৰহণ কৰিছে। লগতে জিলা প্রশাসনে জিলাখনৰ সকলো লোককে যান-বাহন আইন মানি চলিবলৈ আহ্বান জনাইছে।
Assamese | November 1, 2026 8:15 PM | Dhubri Awareness Week
পথ দুর্ঘটনা ৰোধৰ লক্ষ্যৰে বজালী জিলা প্ৰশাসন আৰু আৰক্ষীৰ বিশেষ ব্যবস্থা গ্রহণ