April 16, 2025 7:41 PM | Panchayat Election

printer

পঞ্চায়ত নিৰ্বাচনৰ বাবে কাইলৈ মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিন

আসন্ন পঞ্চায়ত নিৰ্বাচনৰ বাবে কাইলৈ মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিন। বিয়লি ৩ বজাত মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ সময় উকলি যোৱাৰ পাছত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা প্ৰাৰ্থীৰ চূড়ান্ত তালিকা প্ৰকাশ কৰা হ’ব। ৰাজ্যৰ বিভিন্ন ঠাইত প্ৰাৰ্থীসকলে নিৰ্বাচনৰ বাবে প্ৰচাৰ আৰম্ভ কৰিছে। জিলা আয়ুক্তসকলে ভিন ভিন স্থানত স্থাপন হ’বলগীয়া ষ্ট্ৰং ৰূম আৰু গণনা কক্ষৰ স্থান পৰিদৰ্শন কৰাৰ উপৰি নিৰ্বাচনৰ বিভিন্ন দিশ তথা কাম-কাজৰ বুজ লৈছে। অহা ২ আৰু ৭ মে’ত হ’বলগীয়া পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ’ব।