পঞ্চায়ত নিৰ্বাচনৰ প্ৰথম পৰ্যায়ত কালি হৈ যোৱা ভোটগ্ৰহণৰ সময়ত বিভিন্ন বিক্ষিপ্ত ঘটনা বা অন্যান্য কাৰণত ভোটগ্রহণত ব্যাঘাত জন্মা ৪৩টা ভোটকেন্দ্ৰত কাইলৈ পুনৰ ভোটগ্রহণ কৰা হ’ব। সেই অনুসৰি হাইলাকান্দি জিলাৰ ৩১টা, শ্রীভূমিত ৮টা, গোলাঘাট আৰু মাজুলীত এটাকৈ ভোটকেন্দ্ৰত কাইলৈ পুৱা চাৰে বজাত বজাৰ বিয়লি চাৰে ৪ বজালৈ ভোটগ্ৰহণ কৰা হ’ব ।
উল্লেখযোগ্য যে পঞ্চায়ত নিৰ্বাচনৰ প্ৰথম পৰ্যায়ত কালি উজনি অসম, উত্তৰ অসম আৰু বৰাক উপত্যকাৰ মুঠ ১৪ খন জিলাত ভোটগ্রহণ সম্পন্ন হয়। ৰাজ্যিক নির্বাচন আয়োগৰ তথ্য অনুসৰি কালিৰ নিৰ্বাচনত ৭০.১৯ শতাংশ ভোটদান সম্পন্ন হয়।
Assamese | May 3, 2025 6:54 PM | Panchayat Re-Polling
পঞ্চায়ত নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ বাবে ৪৩টা কেন্দ্ৰত কাইলৈ পুনৰ ভোটগ্রহণ