কাইলৈৰ পৰা উদযাপন হ’বলগীয়া নৱৰাত্ৰি উপলক্ষে জম্মু-কাশ্মীৰৰ কাষ্ট্ৰা নগৰী আৰু ত্ৰিকূট পাহাৰত থকা শ্ৰীমাতা বৈষ্ণোদেৱী মন্দিৰ, লাখ লাখ ভক্তক আদৰাৰ বাবে সম্পূৰ্ণ ৰূপে সাজু হৈ উঠিছে। আকাশবাণীৰ জম্মুৰ সংবাদদাতাই জনোৱা অনুসৰি ভক্ত সকলৰ সুবিধাৰ্থে তথা তীর্থযাত্ৰীসকলৰ আধ্যাত্মিক যাত্ৰাৰ অভিজ্ঞতা সূচল আৰু মধুৰ কৰি তোলাটো নিশ্চিত কৰাৰ উদ্দেশ্যে মন্দিৰ পৰিষদে যাৱতীয় সকলো ব্যৱস্থা গ্ৰহণ কৰিছে। ৯ দিন ধৰি উদযাপন কৰিবলগীয়া এই পবিত্ৰ পৰ্বৰ বাবে ভৈৰৱ মন্দিৰ, অৰ্ধকুঁৱৰী আৰু বৈষ্ণোদেৱী মন্দিৰলৈ উঠি যোৱা সমগ্ৰ পথছোৱা ৰং-বিৰঙী আলোকসজ্জা আৰু ফুলেৰে সজাই পৰাই তোলা হৈছে।
Assamese | September 21, 2025 8:05 PM | Vaishno Devi
নৱৰাত্ৰি উপলক্ষে জম্মু-কাশ্মীৰৰ শ্ৰীমাতা বৈষ্ণোদেৱী মন্দিৰ ৰং-বিৰঙী আলোকসজ্জা আৰু ফুলেৰে সজাই পৰাই তোলা হৈছে