নৱী মুম্বাইৰ বজাৰ এলেকাত থকা তিনিটা গুদাম ঘৰত কালি অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়। দুর্যোগ ব্যৱস্থাপনা কোষৰ মুৰব্বী য়াচিন তাদবীয়ে জনোৱা মতে, নবী মুম্বাইৰ কালামৱল্লীত থকা সিদ্ধি বিনায়ক বজাৰত সংঘটিত এই অগ্নিকাণ্ডৰ ঘটনাৰ কাৰণ জানিব পৰা হোৱা নাই। প্ৰথমে এটা গুদাম ঘৰত লগা জুই মুহূৰ্তত আনবোৰ ঠাইলৈ বিয়পি পৰে। এই অগ্নিকাণ্ডত কাঠ মজুত কৰি ৰখা দুটা গুদামৰ লগতে আন এটা কাপোৰৰ গুদামো ভষ্মীভূত হয়।
Assamese | December 21, 2024 11:59 AM | Fire
নৱী মুম্বাইৰ বজাৰৰ তিনিটা গুদাম ঘৰত অগ্নিকাণ্ড