নৱম ৱৰ্ল্ড ব্রীজ ফেডাৰেচন ইউথ ট্রেন্সনেচনেল চেম্পিয়নশ্বিপত ৩১ বছৰ অনুৰ্ধৰ শাখাত ভাৰতৰ ছাগনিক ৰয় আৰু সায়ন্তন কুছাৰীৰ সোণৰ পদক লাভ

চীনৰ হেফেইত অনুষ্ঠিত নৱম ৱৰ্ল্ড ব্রীজ ফেডাৰেচন ইউথ ট্রেন্সনেচনেল চেম্পিয়নশ্বিপত ৩১ বছৰ অনুৰ্ধৰ শাখাত ভাৰতীয় যুটী ছাগনিক ৰয় আৰু সায়ন্তন কুছাৰীয়ে সোণৰ পদক লাভ কৰিছে।

প্রথম এলিমিনেচন ৰাউণ্ডত ৩৪টা যুটিয়ে প্রতিযোগিতাত অংশগ্ৰহণ কৰিছিল যদিও র্ষ ভাৰতীয় যুটিকে ধৰি ১৪টা দলে ফ্লাইট এ পর্যায়লৈ আগবাঢ়ি যায়।

ইয়াৰ পিছত তেওঁলোকে ৰাউণ্ড ৰবিন ফর্মেটত প্রতিযোগিতাত অংশগ্ৰহণ কৰে। ভাৰতৰ হৈ ছাগনিক আৰু সায়ন্তনে ৩৭৭.৬৭ পইন্ট লাভ কৰি শীৰ্ষস্থান দখল কৰে।

ক্ৰ’ৱেচিয়াৰ এম ফেৰেনেকা আৰু এফ কাটুচিচে ৩৫৭.৭৮ পইন্ট লাভেৰে দ্বিতীয় স্থান লাভকৰে।
চীনৰ জে হান আৰু জেড ৱাঙে ৩৩৫.৯২ লাভেৰে প্ৰতিযোগীতাত তৃতীয় স্থান দখল কৰে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।