কেন্দ্ৰীয় মন্ত্রীসভাই একেৰাহে অধিক সময়ৰ বাবে ক্ষমতাত থকা নিৰ্বাচিত প্রধানমন্ত্ৰী হিচাপে পৰিগণিত হোৱা বাবে নৰেন্দ্ৰ মোদীক অভিনন্দন জনাই আজি এটা প্ৰস্তাৱ গ্ৰহণ কৰে। নতুন দিল্লীত অনুষ্ঠিত বৈঠকত মন্ত্ৰীসভাৰ সদস্যসকলে শ্রীমোদীক থিয় হৈ সম্ভাষণ জনায়।
মন্ত্ৰীসভাৰ বৈঠকৰ অন্তত আজি নতুন দিল্লীত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয় যে এই প্রস্তাৱে ৰাষ্ট্ৰৰ প্ৰতি নিৰন্তৰ সেৱাৰ ক্ষেত্ৰত শ্ৰীমোদীৰ ঐতিহাসিক মাইলৰ খুঁটিক প্ৰতিফলিত আৰু ভালেমান প্রতিশ্রুতিবদ্ধতা তথা সাফল্যৰ বিষয়ে আলোকপাত কৰে। তেওঁ কয় যে মন্ত্রীসভাই এই অভূতপূর্ব সাফল্যৰ বাবে প্রধানমন্ত্রীক অভিনন্দন জনোৱাৰ উদ্দেশ্যে এটা সাত-দফীয়া প্ৰস্তাৱ গ্ৰহণ কৰিছে।
জনসাধাৰণৰ কল্যাণৰ ক্ষেত্ৰত চৰকাৰে কৰি অহা গুৰুত্বৰ বিষয়ে আলোকপাত কৰি দুখীয়া জনসাধাৰণক প্ৰশাসনৰ কেন্দ্ৰত ৰখা হৈছে বুলি প্ৰস্তাৱটোত উল্লেখ কৰা হৈছে। শ্রীবৈষ্ণৱে কয় যে পকী ঘৰ, বিদ্যুৎ, বিশুদ্ধ খোৱাপানী আৰু প্ৰত্যক্ষ লাভ হস্তান্তৰৰ সুবিধা প্ৰদান কৰাৰ বাবে অভূতপূৰ্ব প্ৰচেষ্টা গ্রহণ কৰা হৈছে। ৮০ কোটিৰো অধিক জনসাধাৰণে বিনামূলীয়া খাদ্যসামগ্ৰী লাভ কৰাৰ বিপৰীতে ৬০ কোটিৰো অধিক হিতাধিকাৰীয়ে বিনামূলীয়া চিকিৎসা সুবিধা লাভ কৰিছে বুলি তেওঁ মন্তব্য কৰে। প্ৰস্তাৱটোত প্ৰকাশ কৰা মতে এই উদ্যমসমূহে ৰাষ্ট্ৰৰ আত্মবিশ্বাস দৃঢ় কৰি তুলিছে আৰু ২৫ কোটিৰো অধিক লোকক দৰিদ্ৰতাৰ গ্ৰাসৰ পৰা ওলাই অহাত সহায় কৰিছে।
প্ৰস্তাৱটোত লগতে জনসাধাৰণৰ সবলীকৰণৰ সবিশেষ বিৱৰণ অন্তৰ্ভুক্ত কৰা হৈছে। প্ৰস্তাৱটোত যুৱ প্রজন্মকেন্দ্ৰিক নীতিয়ে ভাৰতক বিশ্বৰ তৃতীয় সর্ববৃহৎ ষ্টাৰ্ট আপ ব্যৱস্থাৰ দেশৰূপে পৰিগণিত কৰা আৰু চন্দ্ৰযান মিছনকে ধৰি বিজ্ঞান জগতত গুৰুত্বপূৰ্ণ সাফল্য অর্জন কৰাত সহায় কৰিছে বুলি উল্লেখ কৰা হৈছে। ধোঁৱামুক্ত ৰান্ধনী ঘৰ, লাখপতি বাইদেউ অভিযান আৰু সংসদ তথা বিধানসভাত মহিলাৰ বাবে ৩৩ শতাংশ আসন সংৰক্ষণ বিধেয়কৰ দৰে উদ্যমৰ জৰিয়তে মহিলাৰ নেতৃত্বত হোৱা বিকাশৰ প্ৰতি চৰকাৰৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ বিষয়ে প্ৰস্তাৱটোত কোৱা হৈছে।