নেহুৰ অধ্যাপক কিনফাম সিং নং কিনৰিহ, সাহিত্যিক অনুৰাধা শৰ্মা পূজাৰী, কালীনাথ পাংগিং আৰু ইন্দ্ৰেশ্বৰ পেগুক টাবুৰাম টাইড সোঁৱৰণী বঁটা প্ৰদান

চলিত বৰ্ষৰ অধ্যাপক টাবুৰাম টাইড সোঁৱৰণী বঁটা ৪ গৰাকী বিশিষ্ট লোকলৈ আগবঢ়োৱা হয়। নেহুৰ অধ্যাপক কিনফাম সিং নং কিনৰিহ, সাহিত্যিক অনুৰাধা শৰ্মা পূজাৰী, কালীনাথ পাংগিং আৰু ইন্দ্ৰেশ্বৰ পেগুলৈ প্রখ্যাত ভাষাতত্ববিদ, লেখক, শিক্ষাবিদ আৰু শিক্ষা প্রশাসক, টাবুৰাম টাইডৰ সোঁৱৰণত বঁটা প্ৰদান কৰা হয়। 

কটন বিশ্ববিদ্যালয়ৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা প্রেক্ষাগৃহত কালি অনুষ্ঠিত এই বঁটা প্রদান অনুষ্ঠানত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড° ধ্ৰুৱজ্যোতি বৰাকে ধৰি ভালেসংখ্যক বিশিষ্ট লোক উপস্থিত থাকে। উল্লেখযোগ্য যে বিশিষ্ট শিক্ষাবিদ টাবুৰাম টাইড স্মৃতিন্যাসৰ উদ্যোগত কালি তেওঁৰ ৮৪ সংখ্যক জন্মদিন উদযাপন কৰা হয়।

 অনুষ্ঠানত অংশগ্ৰহণ কৰি শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে কয়, যে অধ্যাপক টাইডৰ জন্মদিনত প্ৰতি বছৰে চাৰিটা শিতানত সাহিত্য বঁটা প্ৰদান কৰি অহা হৈছে। জনজাতীয় সমাজক পটভূমি হিচাপে লৈ যিকোনো ভাষাত ৰচিত সাহিত্যৰ বাবে টাবুৰাম টাইড সাহিত্য বঁটা প্ৰদান কৰা হয় ।