September 13, 2026 12:13 PM | Nepal flash flood's death

printer

নেপালৰ আকস্মিক বানত মৃত্যু হোৱা লোকৰ সংখ্যা ১৩৮৬ লৈ বৃদ্ধি

নেপাল আৰু তিববত সীমান্তৰ সমীপত যোৱা ২৬ আগষ্টত হিমস্খলন হৈ সৃষ্টি হোৱা আকস্মিক বানত মৃত্যু হোৱা লোকৰ সংখ্যা ১৩৮৬ হৈছেগৈ। বানত ক্ষতিগ্রস্ত আঠোখন জিলাৰ পৰা এতিয়াও মৃতদেহ উদ্ধাৰ কৰি থকা হৈছে।

দেশখনৰ ৰাষ্ট্ৰীয় দুর্যোগ আশংকা হ্রাস আৰু ব্যৱস্থাপণা প্ৰাধিকৰণৰ তথ্য অনুসৰি বৰ্তমানলৈকে চিনাক্ত কৰা ১০৪টা মৃতদেহ পৰিয়ালৰ লোকক গতাই দিয়া হৈছে।

এতিয়াও প্রায় ৫১৩০ জন লোক সন্ধানহীন হৈ থকা বুলি জানিব পৰা গৈছে। উদ্ধাৰকাৰী বাহিনীয়ে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে আৰু বৰ্তমানলৈকে ১৩,৭০০ৰো অধিক লোকক উদ্ধাৰ কৰা হৈছে। ৰাচোৱা, নুৱাকত আৰু ধাদিং জিলাত ৩,৭০০ৰো অধিক লোক আশ্রয় শিবিৰত আছে।