নেপালত বিগত ৪ দিন ধৰি হৈ থকা প্ৰবল বৰষুণৰ ফলত হোৱা বান আৰু ভূমিস্খলনত ২১ জন লোকে প্রাণ হেৰুৱাইছে। ৫ জন লোক এতিয়াও নিৰুদ্দেশ হৈ থকাৰ লগতে ৫ জন লোক গুৰুতৰভাৱে আঘাতপ্রাপ্ত হৈছে। দেশখনৰ ৰাষ্ট্ৰীয় দুর্যোগৰ ভাবুকি হ্রাস আৰু ব্যৱস্থাপনা প্ৰাধিকৰণে প্ৰকাশ কৰা তথ্য অনুসৰি ভূমিস্খলনৰ বাবেই সর্বাধিক ১৪ জন লোকে প্রাণ হেৰুৱাৰ লগতে ৫ জন লোক নিৰুদ্দেশ হৈ আছে। সমগ্র দেশখনত বতৰৰ এই প্ৰতিকূল পৰিস্থিতিৰ বাবে ২৪৭টা পৰিয়াল প্রত্যক্ষভাবে প্রভাৱিত হোৱাৰ উপৰি ২৬০টা গৃহ সম্পূর্ণভাৱে আৰু আন ৮০টা আংশিকভাৱে ধবংস হৈছে। বংগোপসাগৰত সৃষ্টি হোৱা নিম্নচাপৰ পৰিপ্ৰেক্ষিতত দেশখনৰ বিভিন্ন অঞ্চলত যোৱা ২৪ৰ পৰা ২৭ ছেপ্তেম্বৰলৈ অতি প্রবল বৰষুণ হৈছে।
Assamese | September 28, 2026 12:52 PM | Nepal-Death
নেপালত প্ৰবল বৰষুণৰ ফলত হোৱা বান আৰু ভূমিস্খলনত ২১ জন লোকে