August 8, 2026 8:01 PM | numaligarg

printer

নুমলীগড়ৰ পশ্চিম ধোদাঙত ধনশিৰি নদীৰ প্ৰচণ্ড সোঁতে ছিঙিলে কৃষি বান্ধ

নুমলীগড়ৰ পশ্চিম ধোদাঙত ধনশিৰি নদীৰ প্ৰচণ্ড সোঁতত এটা কৃষি বান্ধ চিগি যোৱাৰ ফলত পৰিস্থিতি অধিক জটিল হৈ পৰিছে । পশ্চিম ধোদাঙৰ আৱাসী এলেকাও প্লাৱিত হোৱাৰ আশংকাই দেখা দিয়া সময়তে অঞ্চলটোত ধনশিৰি নৈয়ে ভয়ংকৰ গৰাখহনীয়াৰ সৃষ্টি কৰিছে। 

এনে খহনীয়াৰ কবলত পৰি কুৰিটাতকৈও অধিক কৃষিজীৱি পৰিয়াল স্থানান্তৰিত হ’বলগীয়া হৈছে। বান আৰু গৰাখহনীয়াৰ ফলত কৃষি ভূমি নষ্ট হোৱাৰ লগতে নৈপৰীয়া কৃষকৰ জীৱন আৰু জীৱিকাৰ প্ৰতিও গুৰুতৰ সংকটে দেখা দিছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।