নৱভাৰত সাক্ষৰতা অভিযানৰ অধীনত উল্লাস আঁচনিৰ বুনিয়াদী সাক্ষৰতা আৰু গাণনিক অৰ্হতা প্রাপ্তিৰ মূল্যায়ন আজি মৰিগাঁও জিলাত সম্পন্ন হয়। ভাৰত চৰকাৰৰ শিক্ষা মন্ত্ৰ্যালয়ৰ জ্যেষ্ঠ শিক্ষা উপদেষ্টা কুলদ্বীপ কুমাৰে জিলাখনৰ কাৰাগাৰ শিক্ষা কেন্দ্ৰ, পশ্চিম কোমোৰাগুৰি আৰু জালুগুটিৰ লোচোনাবাৰী পৰীক্ষা কেন্দ্ৰত মূল্যায়ন প্রক্রিয়া পৰিদৰ্শন কৰে। শিক্ষা উপদেষ্টাগৰাকীয়ে শিকাৰুসকলৰ উৎসাহত অভিভূত হোৱাৰ লগতে জিলা প্ৰশাসনে পৰীক্ষা পৰিচালনাৰ কাৰণে গ্ৰহণ কৰা ব্যৱস্থাপনাৰ ভূয়সী প্রশংসা কৰে। কাৰাগাৰৰ নিৰক্ষৰ কয়দীসকলৰ সাক্ষৰতাৰ বাবে বিভাগীয় কৰ্তৃপক্ষই হাতত লোৱা উদ্ভাৱনীমূলক প্ৰচেষ্টাৰ প্ৰশংসা কৰি শ্ৰীকুমাৰে কয়, যে নিৰক্ষৰতা নিৰ্মূল কৰিলেহে সমাজৰ সামগ্রিক কল্যাণ সম্ভৱপৰ হ’ব।
Assamese | December 22, 2024 8:38 PM | Morigaon District
নিৰক্ষৰতা নিৰ্মূল কৰিলেহে সমাজৰ সামগ্রিক কল্যাণ সম্ভৱপৰ হ’বঃ জ্যেষ্ঠ শিক্ষা উপদেষ্টা কুলদ্বীপ কুমাৰ