কলকাতাৰ আৰ জি কৰ চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালৰ আবাসিক চিকিৎসকৰ ধৰ্ষণ আৰু হত্যাৰ ঘটনাৰ পাছত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতাল কর্তৃপক্ষই সুৰক্ষাৰ দিশত যথেষ্ট গুৰুত্ব আৰোপ কৰিছে। অনুষ্ঠানটোৰ অধ্যক্ষ তথা মুখ্য অধীক্ষক ডাঃ অচ্যুৎ বৈশ্যই জাৰি কৰা এখন নিৰ্দেশনা অনুসৰি নিশা কৰ্তব্যত নিয়োজিত মহিলা চিকিৎসকলৰ বাবে জি এম চি এইচৰ কেজুৱেলিটি বিভাগত বিশেষ বাহনৰ ব্যৱস্থা থাকিব। মূল হাস্পতাল চৌহদ, ছুপাৰ স্পেচিয়েলিটী হাস্পতাল, চি এন চেণ্টাৰ আৰু ৩ নম্বৰ ছাত্রাবাসলৈ অহা-যোৱা কৰাৰ বাবে কৰ্তব্যৰত চিকিৎসকসকলে দায়িত্বত থকা কেজুৱেলিটি বিষয়াৰ সৈতে যোগাযোগ কৰিব পাৰিব। কেজুৱেলিটি বিষয়াই কৰ্তব্যৰত মহিলা চিকিৎসকৰ বাবে বাহনৰ ব্যৱস্থা কৰাৰ লগতে এগৰাকী মহিলা সুৰক্ষা কৰ্মী থকাটো নিশ্চিত কৰিব। ইফালে, আন এটা নির্দেশনা অনুযায়ী ৰোগীৰ সৈতে অহা ৰেড কাৰ্ড থকা পৰিয়ালৰ সদস্যৰ বাহিৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালত সন্ধিয়া ৬ বজাৰ পাছত আন লোকৰ প্ৰৱেশত বাধা আৰোপ কৰা হৈছে। নিৰ্দেশনাত উল্লেখ কৰা মতে চৌহদৰ পৰা অকৰ্তৃত্বশীলভাৱে থকা লোকসকলক আঁতৰাই পঠোৱাৰ বাবে সুৰক্ষাৰ দায়িত্বত থকা বিষয়াজন দায়বদ্ধ হ’ব। এইক্ষেত্ৰত প্ৰয়োজন সাপেক্ষে বিষয়াজনে ভঙাগড় আৰক্ষীৰ সহায় ল’ব পাৰিব। ইয়াৰ উপৰিও নিৰ্দেশনা অনুযায়ী সকলো গৃহৰক্ষী জোৱান ব্যক্তিগত সুৰক্ষা কৰ্মী আৰু নিৰ্মাণ শ্রমিকে সন্ধিয়া ৬ বজাৰ পাছত পৰিচয় পত্ৰ পিন্ধিব লাগিব ।
Assamese | August 18, 2024 7:29 PM | GMCH
নিশা কৰ্তব্যত নিয়োজিত মহিলা চিকিৎসকসকলৰ বাবে জি এম চি এইচৰ কেজুৱেলিটি বিভাগত বিশেষ বাহনৰ ব্যৱস্থা