নিম্ন আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ৰ বড়ো, গাৰো, মণিপুৰি আৰু মাৰ মাধ্যমৰ শিক্ষকৰ বাবে অহা ২৮ জুনত বিশেষ টেট অনুষ্ঠিত হ’ব। অসম চৰকাৰৰ ৰাজ্যিক পৰ্যায়ৰ অধিকাৰপ্ৰাপ্ত টেট সমিতিয়ে এই সন্দৰ্ভত জাৰি কৰা অধিসূচনা অনুসৰি পৰীক্ষাৰ্থীসকলে অহা ১২ জুনৰ দিনৰ ১১ বজাৰ পৰা অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ ৱেবছাইট www.sebaonline.org ৰ পৰা প্ৰৱেশ পত্র ডাউনলোড কৰিব পাৰিব। পৰীক্ষাৰ্থীসকলে প্ৰৱেশ পত্ৰৰ সৈতে যিকোনো এখন ফটোযুক্ত পৰিচয় পত্ৰ পৰীক্ষাৰ দিনা লগত নিব লাগিব। তদুপৰি পৰীক্ষা কেন্দ্ৰৰ ভিতৰলৈ ম’বাইল ফোন, কোনো ধৰণৰ ইলেকট্রনিক সামগ্রী, ডিজিটেল ঘড়ী আদি লগত নিব নোৱাৰিব।
Assamese | June 8, 2026 11:43 AM | Tet exam
নিম্ন আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ৰ বাবে অহা ২৮ জুনত বিশেষ টেট অনুষ্ঠিত