June 7, 2026 6:41 PM | Tet exam

printer

নিম্ন আৰু উচ্চ প্রাথমিকৰ বড়ো, গাৰো, মণিপুৰি আৰু মাৰ মাধ্যমৰ বাবে ২৮ জুনত বিশেষ টেটৰ লিখিত পৰীক্ষা

নিম্ন আৰু উচ্চ প্রাথমিকৰ বড়ো, গাৰো, মণিপুৰি আৰু মাৰ মাধ্যমৰ বাবে অহা ২৮ জুনত বিশেষ টেটৰ লিখিত পৰীক্ষা অনুষ্ঠিত হ’ব। অসম চৰকাৰৰ ৰাজ্যিক পৰ্যায়ৰ অধিকাৰ প্ৰাপ্ত টেট সমিতিয়ে এই সন্দৰ্ভত জাৰি কৰা অধিসূচনা অনুসৰি পৰীক্ষাৰ্থীসকলে অহা ১২ জুনৰ পুৱা ১১ বজাৰ পৰা অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ ৱেবছাইট www.scbaonline.org ৰ পৰা প্ৰৱেশ পত্র ডাউনলোড কৰিব পাৰিব। পৰীক্ষাৰ্থীসকলে প্রবেশ পত্ৰৰ সৈতে যিকোনো এখন ফটোযুক্ত পৰিচয় পত্ৰ পৰীক্ষাৰ দিনা লগত নিব লাগিব। তদুপৰি পৰীক্ষা কেন্দ্ৰৰ ভিতৰলৈ ম’বাইল ফোন, কোনো ধৰণৰ ইলেকট্রনিক সামগ্রী, ডিজিটেল ঘড়ী আদি লগত নিব নোৱাৰিব।