নাগালেণ্ডৰ পৰ্যটন আৰু শিক্ষামন্ত্রী টেমজেম ইমনা আলঙৰ সৈতে মন্ত্রী ড০ জীতেন্দ্র সিঙৰ বৈঠক

কেন্দ্রীয় বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্রী ড০ জীতেন্দ্র সিঙে আজি নতুন দিল্লীত নাগালেণ্ডৰ পৰ্যটন আৰু শিক্ষামন্ত্রী টেমজেম ইমনা আলঙৰ সৈতে ৰাজ্যখনত লেভেণ্ডাৰ ফুল আধাৰিত কৃষি উদ্যমিতাৰ প্ৰসাৰ আৰু প্ৰচাৰৰ বিষয়ে আলোচনা কৰে। সামাজিক মাধ্যমৰ এটা বার্তাযোগে ড০ সিঙে কয় যে জম্মু আৰু কাশ্মীৰৰ ভাদেৰৱাহত আৰম্ভ হোৱা সুগন্ধী অভিযানৰ অন্তৰ্গত বেঙুনীয়া বিপ্লবক ২০২২ চনৰে পৰা নাগালেণ্ডেও আকোৱালি লৈছিল আৰু তাৰেই সফলতা সন্দৰ্ভত আজিৰ বৈঠকত পৰ্যালোচনা কৰা হয়। বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্রালয়ৰ অন্তৰ্গত বিভিন্ন আঁচনিয়ে নাগালেণ্ডৰ মহা বিদ্যালয় আৰু বিশ্ববিদ্যালয়সমূহক পথ প্রদর্শন, আর্থিক সাহাৰ্য আৰু আন্তঃগাথনি বিকাশৰ জৰিয়তে সহযোগিতা আগবঢ়োৱাৰ সম্পৰ্কেও আজিৰ বৈঠকত আলোচনা কৰা হয় বুলি মন্ত্ৰীগৰাকীয়ে লগতে জানিবলৈ দিয়ে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।