নাগালেণ্ডৰ কোহিমাৰ কিছামা গাঁৱত আজিৰে পৰা ১০ দিনীয়াকৈ ২৬ সংখ্যক হর্নবিল মহোৎসৱ অনুষ্ঠিত হৈছে। মহোৎসৱত ৰাজ্যখনৰ লোক কথা, শিল্প, খাদ্য সম্ভাৰ আদিৰ মাধ্যমেৰে বৰ্ণাঢ্য সংস্কৃতিক প্ৰদৰ্শন কৰা হৈছে। কিচামা গাঁৱৰ ইউনিটি প্লাজাত আজি বিয়লি চাৰি বজাত উদ্বোধনী কার্যসূচী অনুষ্ঠিত হয়। নাগালেণ্ডৰ ৰাজ্যপাল অজয় কুমাৰ ভাল্লা এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে। এই বছৰ ব্ৰিটেইন আয়াৰলেণ্ড, ফ্রান্স, অষ্টিয়া, মাল্ল্টা আৰু ছুইজাৰলেণ্ডে সহযোগী দেশ হিচাপে আৰু অৰুণাচল প্রদেশে সহযোগী ৰাজ্য হিচাপে যোগদান কৰিছে। প্রায় দুই দশক পূৰ্বে পৰ্যটনৰ পদক্ষেপ হিচাপে আৰম্ভ কৰা হর্নবিল মহোৎসৱ বৰ্তমান বিশ্বৰ অন্যতম আকর্ষণীয় সাংস্কৃতিক মহোৎসৱ হিচাপে পৰিগণিত হৈছে।
Assamese | December 1, 2025 8:24 PM | Hornbil Festival
নাগালেণ্ডৰ কোহিমাৰ কিছামা গাঁৱত আজিৰে পৰা ১০ দিনীয়াকৈ ২৬ সংখ্যক হর্নবিল মহোৎসৱ