চুবুৰীয়া ৰাজ্য নাগালেণ্ডে আজি ৬২ সংখ্যক প্রতিষ্ঠা দিৱস উদযাপন কৰিছে। ১৯৬৩ চনৰ আজিৰ দিনটোতে নাগালেণ্ড ভাৰতৰ ১৬ নম্বৰ ৰাজ্য হিচাপে স্বীকৃতি লাভ কৰিছিল। এই ঐতিহাসিক দিনটোক স্মৰণ কৰি ৰাজ্যখনত ধাৰাবাহিক অনুষ্ঠানৰ আয়োজন কৰা হৈছে। নাগালেণ্ডৰ ৰাজধানী চহৰ ক’হিমাৰ অসামৰিক সচিবালয় প্লাজাত অনুষ্ঠিত হ’বলগীয়া অনুষ্ঠানত মুখ্যমন্ত্রী নেইফিউ ৰিঅ’ই ভাষণ দি ৰাজ্যখনৰ বিগত ছয় দশকৰ যাত্ৰাৰ ওপৰত চিন্তা-চৰ্চা কৰিব ৷ নাগালেণ্ডৰ উন্নয়নৰ বাবে মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্যখনৰ শাসন ব্যৱস্থা আৰু শিক্ষাৰ উন্নতিৰ লক্ষ্যৰে কেইবাটাও গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিব। শিক্ষকৰ উপস্থিতি নিৰীক্ষণ ব্যৱস্থাৰ বাবে স্মাইল এপ মুকলি কৰা ইয়াৰে অন্যতম দিশ হ’ব। ৰাজ্যখনৰ প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি বিশেষ সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰা হৈছে। নাগালেণ্ডৰ ৰাজ্যপাল লা গণেশনে ৰাজ্যখনৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে নাগালেণ্ডবাসীক শুভেচ্ছা জনায়।
Assamese | December 1, 2024 12:27 PM | Nagaland Foundation Day
নাগালেণ্ডত আজি ৬২ সংখ্যক প্রতিষ্ঠা দিৱস উদযাপন