গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই আজি নলবাৰীৰ চৰকাৰী গৰ্ডন বিদ্যালয় খেলপথাৰত নলবাৰী বিধানসভা সমষ্টি পৰ্যায়ৰ খেল মহাৰণৰ দ্বিতীয় পৰ্যায়ৰ উদ্বোধন কৰে। এই প্ৰতিযোগিতা নলবাৰী সমষ্টিৰ ডেৰ হাজাৰতকৈ অধিক ক্রীড়া প্রতিভাই অংশগ্ৰহণ কৰিছে। এই উপলক্ষে মন্ত্ৰীগৰাকীয়ে কয় যে ৰাজ্য চৰকাৰৰ খেল মহাৰণৰ প্ৰথম পর্যায়ে অকল খেলুৱৈসকলকে আকৰ্ষিত কৰাই নহয়, বৰং খেলৰ প্ৰতি নতুনৰ আকৰ্ষণো বৃদ্ধি কৰিছে। খেল মহাৰণৰ দ্বিতীয় পর্যায়ে ৰাজ্যৰ ক্ৰীড়া ক্ষেত্ৰত নতুন জাগৰণৰ সূচনা কৰিব বুলি মন্ত্ৰীগৰাকীয়ে আশা প্ৰকাশ কৰে।
Assamese | December 25, 2024 7:28 PM | Jayanta Malla Baruah
নলবাৰী বিধানসভা সমষ্টি অধীনৰ খেল মহাৰণৰ দ্বিতীয় পৰ্যায়ৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ দ্বাৰা উদ্বোধন