নলবাৰীৰ দৌলাশালৰ চতুৰ্দশ অসম আৰক্ষী বাহিনীৰ মুখ্য কার্যালয়ত মুখ্যমন্ত্রীৰ উপস্থিতিত ৰাজ্যিক পর্যায়ত মাদকদ্রব্য বিনষ্টকৰণ অভিযান

নিচাযুক্ত দ্রব্য নির্মূলৰ শক্তিশালী পদক্ষেপৰ অংশ হিচাপে আজি ৰাজ্যিক পর্যায়ত মাদকদ্রব্য বিনষ্টকৰণ অভিযান চলোৱা হৈছে। এই উপলক্ষে আজি দিনৰ ১১ বজাত নলবাৰীৰ দৌলাশালৰ চতুৰ্দশ অসম আৰক্ষী বাহিনীৰ মুখ্য কার্যালয়ত আয়োজিত অনুষ্ঠানত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মা মুখ্য অতিথি হিচাপে উপস্থিত থাকে। অনুষ্ঠানত বিত্তমন্ত্রী জয়ন্ত মল্ল বৰুৱা আৰু বৰক্ষেত্ৰীৰ বিধায়ক নাৰায়ণ ডেকাই অংশগ্ৰহণ কৰে।

অসম আৰক্ষীৰ প্ৰচেষ্টাত ৰাজ্যৰ প্ৰতিখন জিলাৰ সংশ্লিষ্ট মুখ্য কাৰ্যালয়ত আজি মাদক দ্রব্য বিনষ্টকৰণ কাৰ্যসূচী পালন কৰা হৈছে। এই অভিযানৰ অংশ হিচাপে ৰাজ্যজুৰি হেৰাইন, ভাং, কফ ছিৰাপ, কানিকে ধৰি ৪৭২ কোটি ৫১ লাখ টকা মূল্যৰ মাদক দ্রব্য নষ্ট কৰাৰ লক্ষ্য লোৱা হৈছে।